Yurtdışı Yatırım
  • Haji Mofassil Ali Complex, Hojai, Assam – 782435
  • 03674 254 786
  • Haji Mufossil Ali Complex, Dist: Nagaon, Hojai, Assam 782435
  • 03674 254 786

Ajmal Free IAS Coaching Program

বেংগলুৰুত আজমল ফাউণ্ডেশ্বনৰ সহযোগত আৰু ফালকন অসামৰিক সেৱা একাডেমিৰ উদ্যোগত ফ্রি আই.এ.এছ কোচিং

অসমৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে অৰ্থৰ অভাৱত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোচিং ইনস্টিটিউচন বোৰত নাম ভৰ্তি কৰিব নোৱাৰে এনে শিক্ষিত যুৱক যুৱতীলৈ আজমল ফাউণ্ডেশ্যনে লৈ আহিছে এক সুখবৰ। আমাৰ ৰাজ্যৰ ইচ্ছুক সকলো শিক্ষিত যুৱক যুৱতীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত যাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ ৰাজ্যৰ প্রশাসনীক সেৱাত যোগদান কৰি ৰাজ্যখনৰ সৰ্বাঙ্গীন বিকাশত অৰিহণা যোগাব পাৰে এই মহান উদ্দেশ্য আগত ৰাখি আজমল ফাউণ্ডেশ্বনৰ সহযোগত আৰু বেংগালুৰস্হিত ফালকন অসামৰিক সেৱা একাডেমিৰ উদ্যোগত ফ্রি আই.এ.এছ কোচিং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
উন্নত মানদণ্ড বিশিষ্ট এই আবাসিক কোচিং লবলৈ ইচ্ছুক শিক্ষিত যুৱক যুৱতী সকলে অহা 4 ডিচেম্বৰলৈকে অনলাইন যোগে নাম পঞ্জীয়ন কৰিব পাৰিব।আজমল ফাউণ্ডেশ্বনৰ ৱেবচাইটত উক্ত লিংক উপলব্ধ হব।তাৰোপৰি ইচ্ছুক প্রাৰ্থীসকলে 1800 313 0204 টলফ্রি নম্বৰ আৰু 98541 93141, 94350 62706 নম্বৰত যোগাযোগ কৰি সবিশেষ তথ্য লাভ কৰিব পাৰিব আৰু নাম পঞ্জীয়ন লিংক গ্রহণ কৰিব পাৰিব। অহা 5 ডিচেম্বৰ তাৰিখে গুৱাহাটী গণেশগুৰী আৰ জি বৰুৱা ৰোড স্হিত কেৰিয়াৰ পইণ্টত এটা বাচনি পৰীক্ষা অনুষ্ঠিত হব আৰু ইয়াৰ জৰিয়তে প্রাৰ্থীসকলক বাচনি কৰা হব। বাচনি পৰীক্ষাত অৱতীৰ্ণ হবলৈ পঞ্জীয়ন কৰা প্রাৰ্থীসকলৰ তালিকা আৰু প্রৱেশ পত্র নিৰ্দিষ্ট ৱেবচাইটত প্রকাশ পোৱাৰ লগতে প্রাৰ্থীসকলে নিজে ডাউন লোড কৰিব পাৰিব। ‘ইউ পি এছ চি’ৰ চিলেভাছ অনুসৰণ কৰি এই পৰীক্ষা অনুষ্ঠিত কৰা হব। মুঠ 400 মাৰ্কৰ লিখিত পৰীক্ষা অনুষ্ঠিত হব। পেপাৰ 1 ত জেনেৰেল ষ্টাডিজ 200 মাৰ্কৰ 100 প্রশ্ন, পেপাৰ 2 ত 40 প্রশ্ন 100 মাৰ্ক, আৰু 100 নম্বৰৰ ৰচনা পেপাৰ অনুষ্ঠিত হব। লিখিত পৰীক্ষাৰ ফলাফল অহা 20 ডিচেম্বৰ তাৰিখে ঘোষণা কৰা হব। নিৰ্বাচিত প্রাৰ্থীসকলৰ অনলাইন যোগে অহা 25 ডিচেম্বৰ তাৰিখে ইণ্টাৰভিউ অনুষ্ঠিত হব। লিখিত আৰু ব্যক্তিত্বপৰিমাপণ পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি চুড়ান্ত প্রাৰ্থীসকলক বাচনি কৰা হব। আৰ্থিক ভাবে জুৰুলা পৰিয়ালৰ মেধাৱী প্রাৰ্থীসকলৰ কোচিংৰ মাচুল বিনামূলীয়া কৰা হব যদিও প্রয়োজন সাপেক্ষে থকা-খোৱাৰ বাবদ নূন্যতম মাচুল আদায় লোৱা হব। মওলানা বদৰুদ্দিন আজমল আৰু চিৰাজউদ্দিন আজমলে অসমৰ যোগ্য যুৱক যুৱতী সকলক আগবাঢ়ি আহি উক্ত কোচিংত অংশগ্ৰহণ কৰি আমাৰ ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰখনলৈ সেৱা আগবঢ়াবলৈ আহ্বান জনায় বুলি আজমল ফাউণ্ডেশ্বনৰ সঞ্চালক ড৹ খছৰুল ইছলামে এটা প্রেছ বিজ্ঞপ্তিৰ যোগেদি জনায়।
Link for Registration
Apply Online For FAITHE https://falconinstitutions.org/apply-online-faithe/

The representation of North Eastern States in general and Assam in particular in All India Services is very low compared to many other states of the country. To address this issue, Ajmal Foundation has been sponsoring meritorious candidates of Assam and North Eastern states for Free IAS coaching in Delhi every year. Till date a total number of 30 candidates have benefitted and 22 candidates are placed in the allied services. Recently, Ajmal Foundation has made collaboration with G. S. Mentors, New Delhi and a total of 10 candidates in 2016 and 20  in 2017 were sponsored to undergo fully fledged coaching. 9 candidates have successfully qualified for Civil Service Exam.