Ajmal Group of Institutions Shines in H.S Results 2026

  • Post category:Blog

2,873 Students Secure First Division

Educational institutions under the Ajmal Foundation have once again achieved remarkable success in the Higher Secondary Final Examination, setting an impressive benchmark across the state.

Out of a total of 3,620 students who appeared from Ajmal Super 40 and various institutions managed by the foundation, as many as 2,873 students passed with First Division, creating a new record.

More than 500 students secured Distinction, while 1,379 students achieved Star Marks. Altogether, students earned 6,228 Letter Marks across different subjects, reflecting outstanding academic performance. Students from all streams demonstrated excellence and brought pride to the Ajmal family.

  • In the Arts stream, Al Nurim Afzia secured 96%, emerging as the topper.
  • In the Science stream, Sahil Ahmed scored 94.20%.
  • In the Commerce stream, Shahid Ahmed achieved 92.40%.

This remarkable achievement has sparked joy not only across Hojai but also in various parts of the state.
The trustees of Ajmal Foundation, along with Maulana Badruddin Ajmal, Mohammad Sirajuddin Ajmal, Director Dr. Khasrul Islam, General Manager Dr. M.R.H. Azad, and Ajmal Super 40 Project Head Abdul Kadir, have congratulated the successful students and wished them a bright future.

উচ্চতৰ মাধ্যমিকত উজলিল আজমল ইন্সটিটিউট
২৮৭৩ গৰাকী শিক্ষাৰ্থীৰ প্ৰথম বিভাগ উত্তীৰ্ণ
আজমল ফাউণ্ডেচনৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহে এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পুনৰবাৰ ৰাজ্যৰ ভিতৰতে এক ঈৰ্ষণীয় ফলাফল প্ৰদৰ্শন কৰিছে।

আজমল ছুপাৰ ৪০-ৰ লগতে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৩৬২০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৮৭৩ গৰাকীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অভিলেখ সৃষ্টি কৰিছে।
৫০০ তকৈ অধিক শিক্ষাৰ্থী ডিষ্টিংচন লাভ কৰে,১৩৭৯গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে।মুঠ ৬২২৮ টা বিষয়ত শিক্ষাৰ্থীসকলে লেটাৰ মাৰ্ক লাভ কৰিছে। ইয়াৰ উপৰিও প্ৰতিটো শাখাতে শিক্ষাৰ্থীসকলে নিজৰ মেধাৰ পৰিচয় দি আজমল পৰিয়ালক গৌৰৱান্বিত কৰিছে।

কলা শাখা আল নৌৰিনে ৯৬ শতাংশ নম্বৰ লাভ কৰিছে,বিজ্ঞান শাখা চাহিল আহমেদে ৯৪.২০ শতাংশ নম্বৰ লাভ কৰিছে আৰু বাণিজ্য শাখা শ্বাহিদ আহমেদে ৯২.৪০ শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।
শিক্ষানুষ্ঠান সমূহৰ এই সামগ্ৰিক সফলতাত সমগ্ৰ হোজাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনন্দৰ লহৰ উঠিছে।
আজমল ফাউণ্ডেচনৰ কৰ্তৃপক্ষৰ লগতে মৌলানা বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹খচৰুল ইছলাম,মহা প্ৰবন্ধক ড৹ এম আৰ এইচ আজাদ, আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে কৃতী শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰিছে।